নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
কাইলৈ ৭ অক্টোবৰ । ঐতিহাসিক অসম আন্দোলনৰ অন্তৰ্ভুক্ত ভাষা আন্দোলনৰ ছহিদ অনিল বৰাৰ ৪৬সংখ্যক মৃত্যু দিৱস । যিসময়ত অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই অসমীয়া ভাষা নাজানিলে অসমত কোনেও চাকৰি কৰিব নোৱাৰে বুলি হুংকাৰ দিছে সেই সময়ত এই জাতীয় অনুষ্ঠানটোৱে অসমীয়া ভাষা মাধ্যমৰ বাবে প্ৰাণ আহুতি দিয়া অনিল বৰাৰ স্মৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।
১৯৭২ চন ৷ অসম আন্দোলনৰ ভৰপক সময় । সেই চনত হৈছিল ভাষা আন্দোলন । ৭ অক্টোবৰত মাধ্যম আন্দোলনৰ এক কাৰ্যসূচী সফল ৰূপায়ণৰ
বাবে হোজাইলৈ যোৱা অনিল বৰাক হোজাইতে দুষ্কৃতিকাৰীয়ে নৃশংসভাৱে হত্যা কৰে । উল্লেখ্য যে সেই সময়ত অনিল বৰা সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ উপৰি নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল।
নগাঁৱৰ পলাশনি গাঁৱৰ ছাত্ৰ নেতা অনিল বৰাৰ মৃত্যুৰ পাছত সদৌ অসম ছাত্ৰ সন্থাই নগাঁও চহৰৰ কলঙৰ বাকৰিৰ ঐতিহ্যমণ্ডিত নেহৰুবালিৰ কাষত এক স্মৃতিসৌধ নিৰ্মাণ কৰিছিল ।
কেইবছৰমানলৈকে এই স্মৃতিসৌধ ভালদৰে ৰখাৰ ব্যৱস্থা কৰিছিল যদিও দিন বাগৰি যোৱাৰ লগে লগে কোনেও ইয়াৰ গুৰুত্ব নিদিয়া হ'ল । অনিল বৰাৰ দৰে বহু ছাত্ৰ নেতাই নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা মন্ত্ৰী-বিধায়ক হ'ল ।
তদুপৰি, নেহৰুবালিত থকা ছহিদগৰাকীৰ স্মৃতিসৌধ আজিও অনাদৃত আৰু অৱহেলিত । ইয়াৰ উপযুক্ত সংৰক্ষণ আৰু পৰিচৰ্যাৰ অভাৱত ক্ৰমশঃ জহি-খহি যাবলৈ ধৰিছে । স্মৃতিসৌধৰ সন্মুখতেই আছে অসম আন্দোলনৰ পটভূমিত গঠন হোৱা অসম গণ পৰিষদৰ জিলা সমিতিৰ কাৰ্যালয় ।
ইয়ালৈ অহা-যোৱা কৰা অগপ নেতা-কৰ্মীৰ স্মৃতিসৌধলৈ ঘূৰি চাবলৈ সময়ৰ অভাৱ । তাৎপৰ্যপূৰ্ণ কথা যে ছহিদ অনিল বৰাৰ ৬৮সংখ্যক জন্ম দিৱস যোৱা ২ অক্টোবৰত উদ্যাপন কৰে পুৰণিগুদামৰ চলচলিৰ জয়ন্তী পুথিভঁৰালে ।
এইদৰে পাহৰি গ'ল নগাঁৱৰ পলাশনিৰ এইগৰাকী বিপ্লৱী ছাত্ৰ নেতাৰ অসম আন্দোলনৰ মাধ্যম আন্দোলনত থকা অৱদানৰ কথা ।
- Log in to post comments
- 144 views