বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ত আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰৰ শুভাৰম্ভ

বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ত আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰৰ শুভাৰম্ভ

বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত জিলা পৰিষদৰ কাৰ্যালয়ত জিলা উপায়ুক্ত বাবুলাল শৰ্মাই আধাৰ কাৰ্ডৰ বাবে পঞ্জীয়ন কেন্দ্ৰৰ শুভাৰম্ভ কৰে ৷

পঞ্জীয়ন কেন্দ্ৰটো শুভাৰম্ভ কৰি জিলা উপায়ুক্ত বাবুলাল শৰ্মাই কয় যে আধাৰ কাৰ্ড হ'ল এখন একক কাৰ্ড, যিখন কাৰ্ড লোৱাৰ পিছত কোনো ব্যক্তিয়ে ফাকিঁবাজী কৰিব নোৱাৰিব ৷

আধাৰ পঞ্জীয়নৰ বাবে এজন লোকৰ আঙুলিৰ চাপ আৰু চকুৰ দৃষ্টি ৰেকৰ্ড কৰা হ'ব, যাৰ কাৰণে আন এজন ব্যক্তিয়ে এজন ব্যক্তিৰ নাম ব্যৱহাৰ কৰিব নোৱাৰিব ৷ আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰৰ শুভাৰম্ভ সভাত জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ন'ডেল বিষয়া অনুপম ডেকাই আদৰণী ভাষণত এজন লোকে আধাৰ কাৰ্ডৰ বাবে আবেদন জনোৱাৰ ৮০ বা ৯০ দিনৰ ভিতৰত কাৰ্ডখন পাব অথবা অন-লাইনযোগেও পাব পাৰে বুলিও কয় ৷

সভাত আধাৰ কাৰ্ডৰ বাবে বঙাইগাঁও জিলাৰ বাবে নিযুক্ত জিলা সমন্বয়ক ফিলিমন ঈশ্বৱাৰীয়ে আধাৰ কাৰ্ডৰ বাবে কি কি  নথি লাগে সেই বিষয়ে বক্তব্য ৰাখে ৷ কেন্দ্ৰটো মুকলি কৰাৰ পিছত কে'বাগৰাকীও লোকে আধাৰ কাৰ্ডৰ বাবে আবেদন জনায় ৷

সভাত জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ আৰু জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া দেৱজিৎ সিংহয়ো বক্তব্য ৰাখে ৷ উল্লেখ্য যে বঙাইগাঁও জিলাত মুঠ ১৮টা আধাৰ কাৰ্ডৰ পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰা হৈছে ৷

জিলাখনৰ বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়, অভয়াপুৰীস্থিত উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়, বঙাইগাঁওস্থিত গড়কাপ্তানি ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, অভয়াপুৰীস্থিত গড়কাপ্তানি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, সৃজনগ্ৰাম, বইটামাৰী,

বঙাইগাঁও আৰু ডাংতল ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, বঙাইগাঁও পলিনেটনিকৰ অধ্যক্ষৰ কাৰ্যালয়, বঙাইগাঁও জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়,  অভয়াপুৰী নগৰ সমিতিৰ কাৰ্যালয়, সৃজনগ্ৰাম, টাপাট্টাৰী, বইটামাৰী, ডাংতল আৰু মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এই আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰা হৈছে ৷

এই কেন্দ্ৰসমূহত ৰাইজে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব ৷

Your Comments