নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
বিশ্ব যোগ ক্ৰীড়াৰ ক্ষেত্ৰত পুনৰ উজলিল অসমৰ যুৱতী । কেৰালাত যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত অষ্টম যোগ ক্ৰীড়া প্ৰতিযোগিতাত আৰ্টিষ্টিক শ্ব'ল' বিভাগত নগাঁও জিলাৰ পুৰণিগুদামৰ পঞ্চী বৰাই স্বৰ্ণ পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
উল্লেখ্য যে পঞ্চী বৰাই ১৭ বছৰ অনূৰ্ধ্বৰ যোগ ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰে । প্ৰতিযোগিতাখনিত অসমৰ উদিতা ৰাণী বৰাই ৭ বছৰৰ পৰা ১১ বছৰ বয়সৰ যোগাসন প্ৰতিযোগিতাত ৰূপৰ পদক, ১২ বছৰৰ পৰা ১৪ বছৰ বয়সৰ যোগাসন প্ৰতিযোগিতাত হৰ্ষিতা গোস্বামীয়ে ৰূপৰ পদক আৰু ১৪ বছৰৰ পৰা ১৬ বছৰ বয়সৰ যোগাসন প্ৰতিযোগিতাত আস্থা বৰাই ব্ৰঞ্জৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।
- Log in to post comments
- 33 views