বিজেপি চৰকাৰৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ পৰিষদৰ লাষ্টগে’টত অৱস্থাত ধৰ্মঘট

ss

জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ৰাজপাটত অধিষ্ঠিত কৰোৱা বিজেপি চৰকাৰখনে অসমৰ ৰাইজৰ ওপৰত কৰা বিশ্বাসঘাতকতা, শোষণ-নিষ্পেষণ, অৰ্থনৈতিক, ভাষিক আৰু ধৰ্মীয় ৰাজনীতিৰ বিৰুদ্ধে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদে বুধবাৰে দিছপুৰ লাষ্টগে’টত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

ধৰ্মঘটতস্থলীত যুৱ পৰিষদৰ সভাপতি ৰমেন চৌধুৰীয়ে জনায় যে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদে জন্মলগ্নৰে পৰা ৰাজ্যখনত দেখা দিয়া বিভিন্ন জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰত মাত মাতি আহিছে । শেহতীয়াকৈ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধোৱাৰ প্ৰতি লক্ষ্য ৰাখি পৰিষদে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । 

লগতে অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান, ২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰিত নগা ফ্ৰেমৱৰ্ক চুক্তিখন ৰাজহুৱা কৰা, অত্যাৱশ্যকীয় সামগ্ৰী , ৰন্ধন গেছ, পেট্ৰ'ল ডিজেলৰ মূল্য হ্ৰাস কৰা, নিবনুৱা সমস্যা দূৰীকৰণৰ লগতে ভাট্টা প্ৰদান, অসমত পূৰ্ণ স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা ইত্যাদি দাবীৰে উত্তাল কৰে লাষ্টগে’ট ।

Your Comments