দেশক অপশক্তিৰ পৰা ৰক্ষা কৰিবলৈ বহু পৰিশ্ৰম কৰিব লাগিব : বদৰুদ্দিন

aa

এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমেলে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ ‘বলাইখামাৰ হাচং উচ্চ মাধ্যমিক বিদ্যালয়খনৰ এটি অতিৰিক্ত শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ উপৰিও সাংসদ মৌলানা বদৰুদ্দিন আজমলে গোৱালপাৰাৰ লক্ষীমপুৰত সাংসদ পুঁজিৰ ৩ লাখ টকাৰ এটি জিৰণি চ’ৰাৰ আধাৰশিলা স্থাপন কৰি লক্ষিমপুৰৰ নিদানপুৰ ঈদগাহ ময়দানৰ আয়োজিত এখনি দলীয় সভাত অংশগ্ৰহণ কৰে ৷

ss

কেইবা হাজাৰ লোকৰ উপস্থিতিত দলীয় সভাখনিত দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ উপৰিও বিধায়ক চাহাবুদ্দিন আহমেদ আৰু দলৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি, সম্পাদক সহ বিভিন্ন স্তৰৰ বিষয়ববীয়া উপস্থিত আছিল ৷ সভাত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত দলক শক্তিশালী কৰিবলৈ বিভিন্ন বক্তাই নিজৰ বক্তব্যত উল্লেখ কৰাৰ লগতে সম্প্ৰতি ৰাজ্য চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিবোৰ তথা আকাশলঙ্ঘী পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ইত্যাদি বিভিন্ন বিষয়সমূহ জনসাধাৰণৰ সন্মুখত ব্যক্ত কৰি চৰকাৰক কঠোৰ সমালোচনা কৰে ৷

সভাত দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে বক্তব্য আগবঢ়াই কয় যে-‘প্ৰতি ৫ বছৰৰ অন্তত পুনৰ নিৰ্বাচন হয় ৷ ৫টা বছৰত কোনে কি কৰিলে কি নকিৰেল সেয়া ৰাইজে বিচাৰ কৰে ৷ বিগত সময়ত লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুত বহুত প্ৰতিশ্ৰুতি দি বিজেপি শাসনলৈ আহিছিল ৷ চব কা সাথ সব কা বিকাশ বুলি শ্লোগান দিছিল, কিন্তু সেয়া প্ৰকৃতাৰ্থত বাস্তৱ ৰূপ দেখা পোৱা নগ’ল ৷

aa

পৰিবৰ্তে বিজেপি চৰকাৰে দেশৰ সংবিধানকে সলনি কৰাৰ প্ৰয়াস কৰিলে বুলি মন্তব্য কৰি আৰু কয় যে উন্নয়নৰ পৰিবৰ্তে সাতামপুৰুষীয়া ভাতৃত্ববোধ সম্প্ৰীতি এই চৰকাৰে বিনষ্ট কৰিবলৈ অহৰহ চেষ্টা কৰি গ’ল ৷ আমি ইউ পি এৰ সৈতে আছো আৰু সন্মিলিত শক্তিৰে মোডী হাতাও দেশ বাচাও শ্লোগানেৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে বুলি ইতিমধ্যে ইউ পি এত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছ ৷’ দেশত শান্তি-সম্প্ৰীতি আনিবলৈ দেশক অপশক্তিৰ পৰা ৰক্ষা কৰিবলৈ আমি বহুত পৰিশ্ৰম কৰিব লাগিব বুলি সভাত বক্তব্য প্ৰদান কৰে ৷

Your Comments