নিৰ্বাচনী বতাহত উদুলি-মুদুলি কটনৰ পদূলি 

aa

অহা ৬ অক্টোবৰ বাবে এতিয়া নিৰ্বাচনী যুজত অৱৰ্তীন হ'বলৈ টঙালী বান্ধিছে বিশ্ববিদ্যালয়খনত হ'ব লগা ১৮টা বিভাগৰ বাবে মুঠ ৪৮জন প্ৰতিদ্বন্দীয়ে । ইতিমধ্যে সোমবাৰে মনোনয়ন-পত্ৰ দাখিল আৰু পৰীক্ষাৰ সম্পূৰ্ণ হৈ যায় । প্ৰতি বছৰৰ দৰে এইবাৰো বিশ্ববিদ্যালয়খনত ইতিমধ্যে দেখিবলৈ পোৱা ব্যাপক প্ৰচাৰৰ । এইবাৰ বিশ্ববিদ্যালয়খনত সভাপতি পদৰ বাবে মুঠ ৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিছিল তাৰে সঞ্জয় ডেকা নামৰ প্ৰাৰ্থী গৰাকী মনোনয়ন-পত্ৰ বাতিল হৈছে ।

ঠিক একে দৰে সাধাৰণ সম্পাদক পদৰ বাবে ৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিছিল তাৰে ব্ৰজেন ফুকন নামৰ প্ৰাৰ্থী গৰাকী মনোনয়ন-পত্ৰ বাতিল হয় বুলি জানিব পৰা গৈছে । ইফাল এইবাৰ নিৰ্বাচনত উপ-সভাপতি আৰু সহ-সম্পাদকৰ পদত মুঠ ৪জনকৈ প্ৰাৰ্থীয়ে ভোট যুদ্ধত অৱৰ্তীন হ'ব । সেইদৰে গুৰুত্বপূৰ্ণ বিভাগ হিচাপে চিহ্নিত হোৱা আলোচনী আৰু সাংস্কৃতিক বিভাগত প্ৰতিদ্বন্দিতো কৰিব ৩ গৰাকী কৈ প্ৰাৰ্থীয়ে । ইফালে গুৰুত্বপূৰণ কথা এই যে ১৯০১ চনত প্ৰতিষ্ঠা হোৱা কটন কলেজ ২০১৭ চনত বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা পাছত বিশ্ববিদ্যালয় হিচাপে দ্বিতীয়টো ছাত্ৰ একতা সভা নিৰ্বাচন ।

ss

ইফালে ৰাজনৈতিক মহলত প্ৰায় চৰ্চিত এটা বিষয় সক্ৰিয় ৰাজনীতিৰ কঠিয়াতলি এই কটনৰ নিৰ্বাচন । তাৰ প্ৰতি লক্ষ ৰাখি প্ৰতিবাৰৰ দৰে এইবাৰ নিৰ্বাচনটো প্ৰাৰ্থী অৱৰ্তীন কৰা দিশত ৰাজনৈতিক দল আৰু ছাত্ৰ সংগঠনসমূহে কোনো কোনো প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলিও বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে ।

Your Comments