পতঞ্জলিৰ প্ৰতিনিধিয়ে অপমান কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক

ss

অসমীয়া জাতিৰ প্ৰাণপ্ৰতিষ্ঠাতা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱক পতঞ্জলি নামৰ বণিক গোষ্ঠীৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে কৰা তাচ্ছিল্যসূচক মন্তব্যক তীব্ৰ ভাষাৰে প্ৰতিবাদ জনায় অসম জাতীয়তাবাদ যুৱ ছাত্ৰ পৰিষদে ৷ বাৰালৰ মন্তব্যই গুৰুজনাক চূড়ান্ত অৱমাননা কৰাৰ লগতে অসমীয়া জাতিৰ ভাষা, সংস্কৃতিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিয়ে জামুগুৰি আৰক্ষীক সতীনাথ বাৰালক গ্ৰেপ্তাৰ কৰাৰ বাবে আবেদন জনায়৷

ss

উল্লেখ্য যে পতঞ্জলি যোগ নিৰীক্ষক সতীনাথ বাৰালে অসমলৈ আহি শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয় বুলি বক্তব্য প্ৰকাশ কৰাৰ লগতে নামঘোষাত একো ভাল কথা নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল৷ বাৰালে নামঘৰত মিঠাতেলৰ চাকি মুৰ্খইহে জ্বলায় বুলি মন্তব্য প্ৰকাশ কৰি অসমবাসীক চূড়ান্ত অপমান কৰিছে ৷ মহাপুৰুষজনাৰ প্ৰসঙ্গত ৰামদেৱৰ ‘পতঞ্জলি’ৰ প্ৰতিনিধীগৰাকীয়ে আগবঢ়োৱা বক্তব্যক সমগ্ৰ অসমতে তীব্ৰ ভাষাৰে প্ৰতিবাদ জনাইছে৷

Your Comments