কটন কলেজৰ শেষৰখন মুখপাত্ৰ 'কটনিয়ান' উন্মোচন

কটন কলেজৰ শেষৰখন মুখপাত্ৰ 'কটনিয়ান' উন্মোচন

১৯০১ চনত লুইতৰ পাৰত জ্ঞানৰ জ্যোতি বিলোৱাৰ লক্ষ্যৰে জন্ম হয় কটন কলেজ । ১১৫ বছৰ কটন কলেজ হৈ থকাৰ পাছত যোৱা ২০১৭ বর্ষত কটন কলেজক সেই সময়ৰ অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্তৰ বিশ্ব শৰ্মাই উন্নীত কৰে কটন বিশ্ববিদ্যালয়লৈ ।

আজি সেই ১১৫ বছৰীয়া কটন কলেজৰ শেষৰখন আলোচনী "কটনিয়ান" উন্নোচন কৰা হয় । ২০১৬-১৭ বর্ষৰ কটন কলেজৰ অন্তিমখন আলোচনী উন্মোচন কৰে ঔপন্যাসিক নবীন বৰুৱাই ।

কটন কলেজৰ শেষৰখন মুখপাত্ৰ 'কটনিয়ান' উন্মোচন

সম্পাদক ধৃতিমান ডেকাই সম্পাদনা কৰি উলিওৱা এই ৯১সংখ্যক কটনিয়ান উন্মোচনী কৰা সময়ত উপস্থিত থাকে ৰবীন্দ্ৰ কুমাৰ দাস প্ৰমুখ্যে কটন বিশ্ববিদ্যালৰ পৰিয়ালৰ সদস্যসকল ।

বিয়লি ৩.৩০ বজাত বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই উন্মোচনী সভাখন ।

Your Comments