অল ইণ্ডিয়া কাউন্সিল অব্ টেকনিকেল এডুকেচনছৰ নিৰ্দেশনা অনুযায়ী ২৯ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ লগতে জি আই এম টি, তেজপুৰতো ছাৰ্জিকেল ষ্ট্ৰাইক ডে' উদ্যাপন কৰা হয় ।
মহাবিদ্যালয়ৰ এ আই চি টি ই কমিটীৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে ভাৰতীয় স্থলসেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন লোহিত চন্দ্ৰ ভূঞাই । উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ আগবঢ়োৱা ভাষণত ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বিভিন্ন বিভাগ, তেওঁলোকৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়ায় ।
তদুপৰি, বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজতো দেশ আৰু জনতাৰ সুৰক্ষাৰ হেতুকে সীমান্তত অতন্দ্ৰ প্ৰহৰী হৈ ৰোৱা সামৰিক জোৱানসকলৰ ত্যাগ আৰু কষ্টক তেওঁলোকৰ প্ৰাপ্য সন্মান প্ৰদৰ্শন কৰিবলৈ সকলোকে আহ্বান কৰে ।
ভাষণৰ শেষত ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা পৰিবেশিত 'পুষ্পাঞ্জলি' শীৰ্ষক তথ্যচিত্ৰ এখন প্ৰদৰ্শন কৰা হয় ।
- Log in to post comments
- 4 views