খিলঞ্জীয়া ভূমিহীনক পট্টা প্ৰদানৰ দাবীত বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতিসমূহৰ ঐক্য মঞ্চৰ সংবাদমেল

খিলঞ্জীয়া ভূমিহীনক পট্টা প্ৰদানৰ দাবীত বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতিসমূহৰ ঐক্য মঞ্চৰ সংবাদমেল

অসমৰ খিলঞ্জীয়া ভূমিহীনক চৰকাৰে অতি সোনকালে ৰামদেৱক যি অনুপাতে মাটি দিছে সেই একে নিয়ম অনুসৰি ভূমি অধিকাৰ দিব লাগে ৷ এই দাবী বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতিসমূহৰ ঐক্য মঞ্চৰ ৷

আজি গুৱাহাটী প্ৰেছ ক্লাবত বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতিসমূহৰ ঐক্য মঞ্চই আয়োজন কৰা সংবাদমেলত এই দাবী উত্থাপন কৰে ৷ উন্নয়ন সমিতিসমূহৰ ঐক্য মঞ্চৰ সভাপতি অমৰজ্যোতি বেজবৰুৱা আৰু সম্পাদক ইউনিছ আলীয়ে এই সংবাদমেল সম্বাধন কৰে ।

তেওঁলোকৰ চৰকাৰলৈ আহ্বান, ব্ৰহ্ম কমিটীয়ে দিয়া প্ৰতিবেদনৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে তাক ৰাজহুৱা কৰিব লাগে । ইয়াৰ সমান্তৰালকৈ ২০১১ চনত ভূমিধৰ বৰ্মন কমিটীয়ে গুৱাহাটীৰ ৮৫ হাজাৰ গৃহহীনক ভূমি পট্টা দিয়াৰ বাবে যি কবুলা লৈছিল সেই কবুলাসমূহ কি হল তাকো ৰাজহুৱা কৰিব লাগে বুলি ঐক্য মঞ্চই দাবী জনায় ।

ঐক্য মঞ্চৰ অভিযোগ, সেই কবুলাসমূহ বৰ্তমান সময়তো গুৱাহাটী উপায়ুক্ত কাৰ্যলয়তে পৰি আছে । সংবাদমেলত তেওঁলোকে কয় যে অহা ১ অক্টোবৰ পৰা মহানগৰীত যি নীলা কেৰাচিন বন্ধ কৰিব লৈছে, সেই সিদ্ধান্তই গুৱাহাটীৰ বহু দৰিদ্ৰ পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিব ।

কাৰণ মহানগৰীত এতিয়াও পাহাৰ অঞ্চলত প্ৰায় ২০ হাজাৰ লোকৰ ঘৰত বিদ্যুৎ যোগানৰ ব্যৱস্থা নাই । সেইসকল জনসাধাৰণৰ কি হ'ব তাক লৈও তেওঁলোকে চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰে ।

আনহাতে, বিধানসভাৰ শৰৎকালীন অধিবেশনত গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভূমি পট্টা দিয়াৰ বাবে যি ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰিছে সেই সিদ্ধান্ত গুৰুত্বহীন বুলি উল্লেখ কৰে ঐক্য মঞ্চই ।

উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে ভূমি পট্টা দিয়া সম্পৰ্কত বিধানসভাত কৈছিল যে যিসকল ব্যক্তিৰ গ্রামাঞ্চলত অলপ হ'লেও মাটি আছে, সেইসকল ব্যক্তিক গুৱাহাটীত ভূমি পট্টা দিয়া নহ'ব ৷ 
 

Your Comments