কটন বিশ্ববিদ্যালয়ত বিশ্ব হৃদ দিৱস উদ্‌যাপন

কটন বিশ্ববিদ্যালয়ত বিশ্ব হৃদ দিৱস উদ্‌যাপন

সমগ্ৰ বিশ্বতে ২৯ ছেপ্টেম্বৰ তাৰিখে বিশ্ব হৃদ দিৱস উদ্‌যাপন কৰা হয় । ইয়াৰ লগত সংগতি ৰাখি দ্য হাৰ্ট, সহৃদয় গোষ্ঠীয়েও শনিবাৰে উদ্‌যাপন কৰে বিশ্ব হৃদ দিৱস ।

কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত কটন বিশ্ববিদ্যালয়ৰ পৰা এক চাইকেল সমদল উলিওৱাৰ লগতে কটন বিশ্ববিদ্যালয়তে এখনি সংবাদমেলৰো আয়োজন কৰে ।

কটন বিশ্ববিদ্যালয়ত বিশ্ব হৃদ দিৱস উদ্‌যাপন

এই সংবাদমেলখনত হৃদৰোগ বিশেষজ্ঞ ডঃ চন্দন মোদক, ডঃ মৃদুল মহন্ত, বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়া আৰু কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা অধ্যাপক দিগন্ত কুমাৰ দাস উপস্থিত থাকে ।

সংবাদমেলখনত তেওঁলোকে হৃদৰোগৰ কাৰণ আৰু তাৰ পৰিত্ৰাণৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে ।

Your Comments