পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

ক্ৰমাৎ ঊৰ্ধ্বগামী হৈ আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৷ শতকৰ ঘৰ চুবলৈ আৰু বেছি নাই ।

এই ধাৰা অব্যাহত ৰাখি দেশত আজি পুনৰবাৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ।

প্ৰতি লিটাৰ পেট্ৰ'লত আজি বৃদ্ধি পালে ১৯ পইচা ৷ ইয়াৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ২৯ পইচাকৈ ।

এই বৃদ্ধিৰ ফলত আজি গুৱাহাটী মহানগৰীত পেট্ৰ'লৰ দাম হয়গৈ ৮৫.৮৮ টকা ৷ আনহাতে, প্ৰতি লিটাৰ ডিজেলৰ মূল্য হয় ৭৮.০৫ টকা ।

Your Comments