বিৰল দৃশ্য : বিধানসভাৰ কেণ্টিনত শাসক-বিৰোধীৰ সৈতে মুখ্য মন্ত্ৰীৰ চাহমেল

বিৰল দৃশ্য : বিধানসভাৰ কেণ্টিনত শাসক-বিৰোধীৰ সৈতে মুখ্য মন্ত্ৰীৰ চাহমেল

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি পঞ্চম দিন । পঞ্চম দিনৰ অধিবেশনৰ বিৰতিত আজি মুখ্য মন্ত্ৰীয়ে সতীৰ্থ বিধায়ক-মন্ত্ৰীসকলৰ সৈতে বিধানসভা কেণ্টিনত চাহৰ জুতি লয় ।

বিৰল দৃশ্য : বিধানসভাৰ কেণ্টিনত শাসক-বিৰোধীৰ সৈতে মুখ্য মন্ত্ৰীৰ চাহমেল

অধিবেশনৰ চাহ বিৰতিৰ সময়ছোৱাত মুখ্য মন্ত্ৰীৰ সৈতে একেখন  চাহৰ টেবুলত দেখা গ'ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক । ইয়াৰ উপৰি মুখ্য মন্ত্ৰীৰ লগত একেখন টেবুলত এই চাহৰ জুতি লয় কংগ্ৰেছৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদেও ।

বিৰল দৃশ্য : বিধানসভাৰ কেণ্টিনত শাসক-বিৰোধীৰ সৈতে মুখ্য মন্ত্ৰীৰ চাহমেল

মুখ্য মন্ত্ৰীগৰাকীয়ে ভাতৃত্বসুলভ মনোভাবেৰে কংগ্ৰেছৰ বিধায়কগৰাকীক আগবঢ়াই দিয়ে এটা গজা । মুখ্য মন্ত্ৰীয়ে এই চাহ বিৰতিৰ সময়ছোৱাত বিধানসভা কেণ্টিনত চাহৰ লগতে গ্ৰহণ কৰে গজা, মালপোৱা আৰু লাড়ু ।

বিৰল দৃশ্য : বিধানসভাৰ কেণ্টিনত শাসক-বিৰোধীৰ সৈতে মুখ্য মন্ত্ৰীৰ চাহমেল

চাহ গ্ৰহণ কৰি মুখ্য মন্ত্ৰীৰ মন্তব্য, 'আগতে আমি সকলোৱে ইয়াত চাহ খাইছিলোঁ ৷ এতিয়াহে মই মুখ্য মন্ত্ৰী ৷ অতীতক পাহৰি যাব নালাগে ৷'

Your Comments