চাকৰিৰ পৰা বঞ্চিত টে'ট উত্তীৰ্ণক শীঘ্ৰে নিযুক্তিৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ

চাকৰিৰ পৰা বঞ্চিত টে'ট উত্তীৰ্ণক শীঘ্ৰে নিযুক্তিৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ

অৱশেষত ৬ মাহৰ ন্যায়িক যুঁজৰ অন্তত বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে হাঁহি বিৰিঙালে ৰাজ্য ৯,৫১৩গৰাকী চাকৰিৰ পৰা বঞ্চিত টে'ট উত্তীৰ্ণৰ মুখত । কাৰণ এইসকল টে'ট উত্তীৰ্ণক অতি সোনকালে শিক্ষক পদত নিযুক্তি দিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশনা প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষা বিভাগলৈ ।

উল্লেখ্য যে চলিত বর্ষৰ মাৰ্চ মাহত ৰাজ্যৰ শিক্ষা বিভাগে এক বিজ্ঞাপন জৰিয়তে ৰাজ্যত খালি হৈ থকা শিক্ষক পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি নিযুক্তিৰ বাবে যো-জা চলাইছিল ।

চাকৰিৰ পৰা বঞ্চিত টে'ট উত্তীৰ্ণক শীঘ্ৰে নিযুক্তিৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ

সেই সময়তে ৯,৫১৩গৰাকী টে'ট উত্তীৰ্ণ প্ৰাৰ্থীৰ ১৩৩গৰাকী দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । তাৰ পাছতে নিযুক্তি প্ৰক্ৰিয়াটো আদালতৰ মজিয়াত ওলমি ৰৈছিল । সেই গোচৰৰ ভিত্তিতে বুধবাৰে আদালতে প্ৰদান কৰে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।

আদালতৰ নিৰ্দেশনা অনুযায়ী শিক্ষা বিভাগে নিযুক্তিৰ দিশত আৰোপ কৰা টে'ট উত্তীৰ্ণসকলৰ বাবে প্ৰতিবন্ধকতা হিচাপে বিবেচিত হোৱা নীতিসমূহ উঠাই লৈ শীঘ্ৰে পুনৰ নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে পদসমূহত ।

ন্যায়ালয়ৰ এই নির্দেশনাৰ পাছতে টে'ট উত্তীৰ্ণ আৰু বি এড, ডি এল এড ডিগ্ৰীধাৰীসকলে শিক্ষকৰ চাকৰিত নিযুক্তিলাভৰ পথ প্ৰশস্ত হৈ পৰে ।

Your Comments