মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী! গুৱাহাটীত জাৰি বিশেষ পথ নিৰ্দেশনা

A

 

নিউজ ডেস্ক:
মঙলবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
সংবাদমেলত এই কথা সদৰী কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে; মঙলবাৰে পুৱা ১০ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
তাৰ পিছতে তেওঁ কাইলৈ অনুষ্ঠিত হ’বলগীয়া মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।ইফালে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত জাৰি কৰা হৈছে পথ নিৰ্দেশনা।
প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে মঙলবাৰে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ ২৭নং আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ বুধবাৰেও পুৱা ৫ বজাৰ পৰা নিশা ১২.৩০ বজালৈ জাৰি কৰা হৈছে মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা।ডিজি ৰোড, এটি ৰোড, এমজি ৰোড, কেএলবি ৰোড, তইবুল্লা ৰোড, জিএনবি ৰোড, বি বৰুৱা ৰোড আৰু জিএছ ৰোডত চলিব নোৱাৰিব লঘু, মজলীয়া আৰু গধুৰ মালবাহী বাহন।বুধবাৰে পুৱা ৫ বজাৰ পৰা দিনৰ ১১ বজালৈ বাহাল থাকিব এই নিৰ্দেশনা।

Your Comments