নিউজ ডেস্ক:
গোৱালপাৰা জিলাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
অভিযানত প্ৰথমেই ঘোচ লৈ গ্ৰেপ্তাৰ স্বাস্থ্য সহায়ক দীপজিৎ সৰকাৰ। জানিব পৰা মতে ,জিপিআৰ ড্ৰাগছ লাইচেন্স প্ৰদানৰ নামত ১০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰীজন ৷ ইয়াৰ পিছতে একেটা কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ হ’ল আন এজন চৰকাৰী কৰ্মচাৰী।উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে আনছাৰ আলী নামৰ আনজন চৰকাৰী কৰ্মচাৰীক।
- Log in to post comments
- 7 views