নিউজ ডেস্ক:
১৪ এপ্ৰিলত সৰুসজাইত ১১,১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ ৷ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।বিভিন্ন জিলাৰ পৰা আহিব বিহুৱা-বিহুৱতী, ঢুলীয়া, পেঁপুৱা।উল্লেখ্য যে ; জিলাই জিলাই ১ মাৰ্চৰ পৰা মাহজোৰাকৈ চলিব প্ৰশিক্ষণ।
পুৰস্কাৰ লাভ কৰা বিহুৱা-বিহুৱতীক দিয়া হ’ব অগ্ৰাধিকাৰ।প্ৰতিগৰাকী বিহুৱা-বিহুৱতীয়ে জিলাত দৈনিক পাব ৩০০ টকাকৈ।সাজ-পোছাকৰ বাবে লাভ কৰিব ৩ হাজাৰ টকাকৈ।গুৱাহাটীত বিহুৱা-বিহুৱতীয়ে দৈনিক পাব ১ হাজাৰ টকাকৈ। এই কথা সংবাদ মেলযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
- Log in to post comments
- 6 views