নিউজ ডেস্ক:
অসমত বিহুৰ সময়ত বিক্ৰী কৰিব নোৱাৰিব পাৱাৰ লুমৰ গামোচা।পাৱাৰ লুমৰ গামোচা বিক্ৰেতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব চৰকাৰে।জব্দ কৰা হ’ব এই ধৰণৰ সকলো গামোচা।উল্লেখ্য যে, অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সময়ত বহিঃৰাজ্যত নিৰ্মিত গামোচাৰে অসমৰ বজাৰ ভৰি পৰে।এনে পৰিপ্ৰেক্ষিতত অসমৰ থলুৱী শিপিনী সকলে তাঁতশালত বোৱা গামোচাৰ চাহিদা কম হৈ পৰে ।
সেয়েহে পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অসম চৰকাৰে অভিযান ঘোষণা কৰিছে।
- Log in to post comments
- 7 views