ঘগ্ৰাপাৰৰ-কঞাকুছি ব'লপুখুৰীপাৰ গোপাল থানত সনাতন ধৰ্মালোচনা সভাৰ হীৰক জয়ন্তীত হেজাৰ হেজাৰ ভক্তৰ সমাগম

 A

 


নিউজ ডেস্ক:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাকুছি গাঁওস্থিত ব'লপুখুৰীপাৰ গোপাল থানত অনুষ্ঠিত হৈ অহা সনাতন ধৰ্মালোচনা সভাখনে এইবেলি হীৰক জয়ন্তী বৰ্ষ  ২৬ জানুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
আজি পুৱা নাম প্ৰসংগ,শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,ধৰ্মীয় পতাকা উত্তোলনৰ পিছতে ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে শিক্ষাবিদ তথা ডিমোক্ৰেছি টাইমৰ মুখ‍্যসম্পাদক তপন বৈশ‍্যই।দুপৰীয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰে বনভাগ মহাবিদ্যালয়ৰ অধ‍্যক্ষ যোগেন্দ্ৰ কলিতাই।অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী গৌৰী দাস,শিক্ষা বিদ লক্ষ্মী গগৈ, পুলেন মজুমদাৰ আদিয়ে।ইয়াৰ পিছতে মুকলি আকাশৰ তলত নৰাত বহি হেজাৰ হেজাৰ ভক্তই মহাপ্ৰসাদ গ্ৰহণ কৰে ৷

Your Comments