নিউজ ডেস্ক:
গুণোৎসৱক লৈ আছুৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া ৷
লংকাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি আছুৰ উপদেষ্টাগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে…" চৰকাৰৰ গুণোৎসৱৰ চিন্তাটো ভাল।কিন্ত ইয়াৰ পিচৰ কৰিবলগীয়া বিষয়খিনিক লৈ চিন্তা কৰাৰ থল আছে৷”
"নাক" অহাৰ পাছত মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহ উপকৃত হৈছে।শৈক্ষিক পৰ্যালোচনা হৈছে।ঠিক একেদৰে বিদ্যালয় সমূহক উপকৃত কৰিবৰ বাবে "নাক"ৰ দৰে এটা ষ্টাচ্ৰাৰ,সংগঠিত অনুষ্ঠান পাতিব লাগে।গুণোসৎৱৰ সলনি "বিদ্যালয় মূল্যাংকন আয়োগ" নামেৰে এক অনুষ্ঠান গঠন কৰি বিদ্যালয় সমূহৰ পৰ্যালোচনা হ'ব লাগে।যাৰ দ্বাৰা বিদ্যালয়/মাতৃভাষাৰ বিদ্যালয় সমূহ উপকৃত হ'ব।যিটো সদৌ অসম ছাত্ৰ সন্থাই বিচাৰে।এইক্ষেত্ৰত, আছুৱে কোৱাৰ বাবে বিষয়টোক লৈ চৰকাৰে আত্মসন্মানৰ বিষয় হিচাপে নলৈ নাম সলনি কৰি হলেও এক পদক্ষেপ গ্ৰহণ কৰক।যাৰ জৰিয়তে শক্তিশালী হ'ব বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ৷ এইদৰে আছুৰ উপদেষ্টাগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।
- Log in to post comments
- 13 views