নিউজ ডেস্ক:
কাব্যঋষি নীলমণি ফুকন গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে । প্ৰাপ্ত খবৰ অনুসৰি, তেওঁৰ স্বাস্থ্যৰ অতিকৈ অৱনতি ঘটাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়াল।
উল্লেখ্য যে, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কবিগৰাকীৰ ঘৰতেই স্থাপন কৰা আই চি ইউত প্ৰদান কৰা হৈছে চিকিৎসা। কেইবাগৰাকী চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা প্ৰদান কৰিছে ৷
- Log in to post comments
- 2 views