নিউজ ডেস্ক:
এটা সংগ্ৰামী সত্তাৰ অৱসান ঘটিল।অসমৰ প্ৰতিটো জনগোষ্ঠীৰ হকে মাত মাতি অহা ডিমাচা সংগ্ৰামী প্ৰফুল্ল হাফিলাৰ দেহাৱসান।
দীৰ্ঘদিন ধৰি ডিমাচা ছাত্ৰ সন্থাৰে জড়িত তথা ডিমা হাচাও জিলাত শান্তি প্ৰতিষ্ঠাৰ হকে অহোপুৰুষাৰ্থ কৰা হাফিলাৰ মৃত্যু ডিমাচা জাতিৰ বাবে এক বৃহৎ ক্ষতি।
মাত্ৰ ৪৭ বছৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ
আজি দিনৰ ১১ বাজি ২০ মিনিটত লংকাৰ লংকাভেঁটা গাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷
প্ৰয়াত হাফিলা বিগত দুমাহ ধৰি শয্যাগত হৈ পৰি আছিল বিচনাত।
প্ৰয়াত হাফিলা সদৌ ডিমাচা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা সংগঠনটোৰ বৰ্তমানৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
মৃত্যুৰ সময়ত প্ৰয়াত হাফিলাই এগৰাকী ৪ বছৰীয়া কন্যা আৰু ২বছৰীয়া এটি পুত্ৰসহ পত্নী ও অসংখ্য গুণমুগ্ধক ইহ-সংসাৰত এৰি থৈ যায়।
উল্লেখ্য যে, সম্পূৰ্ণ ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাৰে অনুষ্ঠিত শেষকৃত্যত গাঁওবাসীৰ লগতে ডিমাচা জনগোষ্ঠীৰ বহু লোক উপস্থিত থাকে।
- Log in to post comments
- 15 views