নিউজ ডেস্ক :
“আহোমসকল স্বাভিমানী আছিল।পৰাক্ৰমী আছিল তেওঁলোক।গ্ৰহণ আৰু বৰ্জনৰ মাজেৰে এটা বৃহৎ অসমীয়া জাতিৰ বীজ ৰোপণ কৰিছিল চ্যুকাফাই।এই আহোমৰ ৰাজত্ব কালত বীৰত্বৰ নিদৰ্শন দাঙি ধৰা এজন বীৰ পুৰুষ আছিল লাচিত বৰফুকন।সম্প্ৰতিক সময়ত লাচিত বৰফুকন অসমৰে নহয়,দেশৰ শ্ৰেষ্ঠ বীৰ”-এই মন্তব্য নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ অন্তৰ্গত ১৮০ নং বাঘমাৰা বুথৰ ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত আজি অনুষ্ঠিত ৯৫ সংখ্যক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ " মন কী বাত" অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত আকাশবাণী জৰিয়তে শ্ৰৱণ কৰি মন্ত্ৰীগৰাকীয়ে নিজ ভাষণত মন বাত অনুষ্ঠানৰ ওপৰত কেতবোৰ মন্তব্য আগবঢ়োৰ উপৰিও লাচিত বৰফুকন আছিল অটল,অদম্য আৰু সাহসৰ প্ৰতীক বুলি অভিহিত কৰে।মন্ত্ৰীজনে ভাষণত কয় যে আজি আমি কৈ ভাল পাঁও লাচিতৰ দেশৰ বুলি।আমাৰ গাত লাচিতৰ ৰক্ত প্ৰবাহিত।লাচিত বৰফুকনৰ বাবেই শক্তিশালী মোগলক আহোমে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল বুলি কয়। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰংসাগত এইবেলি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লগতে দেশৰ ৰাজধানী দিল্লীতো বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী অনুষ্ঠান পালন কৰাৰ ফলত চহৰখনৰ চুকে কোণো তেওঁৰ বীৰত্ব আলোড়ন কৰে বুলি মন্তব্য কৰে।লগতে মন্ত্ৰীজনে "দেশতকৈ মোমাই ডাঙৰ নহয়'-এই বাক্য শাৰী এতিয়াও অসমীয়াৰ বাবে শ্ৰেষ্ঠ বাক্য।কেৱল শৰাইঘাটৰ যুদ্ধ জিকাতেই লাচিত বৰফুকন নামৰ বীৰজনৰ প্ৰাসংগিকতা অন্ত নপৰে বুলিও উল্লেখ কৰি নতুন প্ৰজন্মই বুৰঞ্জী জানিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।১৮০ নং বাঘমাৰা বুথ বিজেপিৰ সভাপতি পুলেন কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মন কী বাত আৰু বুথ কাৰ্যনিৰ্বাহ সভাখনৰ আঁত ধৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক মনোজ ডেকাই।অনুষ্ঠানটিত বড়িগোগ বনভাগ মণ্ডল বিজেপি সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সম্পাদক মৃগেন শৰ্মা,সম্পাদক শ্যামন্ত শৰ্মা, বুবুল দাস,কনক ভৰালী,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,শক্তি কেন্দ্ৰৰ আহ্বায়ক পংকজ বেজবৰুৱাকে ধৰি প্ৰায় পাঁচ শতাধিক দলীয় কাৰ্যকৰ্তা তথা ৰাইজে অংশগ্ৰহণ কৰে।উল্লেখ্য যে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ অন্তৰ্গত ১০২ বুথত আজি একে সময়তে মন কী বাত অনুষ্ঠান কাৰ্যসূচী ৰূপায়ণ হয় মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই জানিবলৈ দিয়ে।।
- Log in to post comments
- 11 views