নিউজ ডেস্ক:
অসম-মেঘালয় সীমান্তত মঙলবাৰে সংঘটিত গুলীচালনাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে;অসম আৰক্ষী ইমান উগ্ৰ হ’ব নালাগিছিল ; আৰক্ষীয়ে অধিক গুলীচালনা নকৰিলেও হ’লহেঁতেন ৷
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পশ্চিম কাৰ্বি আংলঙৰ মকৰ’ত সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।
উল্লেখ্য যে, মঙলবাৰে পুৱা অসমৰ পৰা কাঠ কঢ়িওৱা এখন ট্ৰাক মেঘালয় সীমান্তত অসমৰ বনৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ।
- Log in to post comments
- 18 views