নিউজ ডেস্ক:
হোজাই জিলাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হোজাই জিলা পৌৰ কৰ্মচাৰী সকলৰ উত্তাল প্ৰতিবাদত
স্তব্ধ হয় হোজাই জিলা উপায়ুক্ত কাৰ্যালয় ৷
উল্লেখ্য যে,বিগত ৩৭ মাহ পৰ্যন্ত অনাদায় দৰমহা অতি শীঘ্ৰে আদায় দিয়া,পৌৰসভা কৰ্মচাৰী সকলৰ চাকৰি অতিশীঘ্ৰে চৰকাৰী কৰণ কৰা,অৱসৰপ্ৰাপ্ত পৌৰ কৰ্মচাৰী সকলৰ অনাদায় দৰমহা ,গ্ৰেচুইটি,লিভ চেলাৰী আৰু অন্যান্য সা-সুবিধা আদায় দিয়াৰ বাবত এক বিশেষ পুঁজি আবণ্টন দিয়া ইত্যাদিৰ দাবীত হোজাই জিলাৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।
লগতে উক্ত দাবী সমূহ অসম চৰকাৰে মানি নললে আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলি হুংকাৰ দিয়ে ৷
- Log in to post comments
- 31 views