নিউজ ডেস্ক:
এতিয়াৰ পৰা অনলাইনযোগে আদায় দিব লাগিব মাটিৰ খাজনা৷
শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মিছন বসুন্ধৰা ২.০ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই।
মিছন বসুন্ধৰাৰ লগত সংগতি ৰাখিয়ে ৰাজ্য চৰকাৰে ভূমিৰ খাজনা সংগ্রহ, ভূমিৰ বিক্ৰী আদিৰ ক্ষেত্ৰত কেতবোৰ চিৰস্থায়ী, বহনক্ষম আৰু গুৰুত্বপূৰ্ণ সংস্কাৰ আনিব খুজিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে-- ‘মাটিৰ খাজনা সংগ্ৰহৰ ক্ষেত্ৰত আমি মৌজাদাৰৰ ভূমিকা নোহোৱা কৰিব খুজিছো। আমি মৌজাদাৰসকলক বেলেগ কাম দিম। খাজনাৰ এটা ‘কমিছন’ আমি তেওঁলোকক দি থাকিম। কিন্তু মানুহে খাজনা অনলাইনযোগে আদায় দিব।’
চৰকাৰৰ বাবে মূল ৰাজহ সংগ্ৰহৰ উৎস খাজনা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ‘আমি মাটিৰ বাবে আদায় দিবলগা কিস্তি নহয়, খাজনালৈ ঘূৰি যাম। এতিয়াৰ পৰা মৌজাদাৰে খাজনা সংগ্ৰহ কৰাটো বন্ধ হ’ব। অনলাইনযোগে খাজনা লোৱা আৰম্ভ কৰিম। কোনে কিমান খাজনা দিব আছে, সেই জাননীও যাব অনলাইনযোগে।’
- Log in to post comments
- 21 views