মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ দিৱসক লৈ ব্যাপক প্ৰস্তুতি

A

 

 নিউজ ডেস্ক:
 তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ উদ্যোগত মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সহযোগত অহা ১৬ নবেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ প্ৰস্তুতিৰ সন্দৰ্ভত আজি মৰিগাঁও জিলা উপায়ুক্ত আৰু জিলা সাংবাদিক সংস্থাৰ লগত পৃথকে পৃথকে এক বৈঠকত মিলিত হয় তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ বিষয়াই। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ কুমাৰ ব্ৰহ্ম,উপ সঞ্চালক প্ৰানজিৎ হাজৰিকা,সদৌ অসম জনসংযোগ কৰ্মচাৰী সন্থাৰ সভাপতি ৰছিদুছ  জামালকে ধৰি জনসংযোগ বিভাগৰ বিষয়া কেইজনৰ তত্বাৱধানত অহা সজাতি দলটোৱে প্ৰথমে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ বাস ভৱনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ প্ৰস্তুতিৰ সন্দৰ্ভত বিস্তৃত ভাবে আলোচনা কৰে। ইয়াৰ পিছতেই জনসংযোগ বিভাগৰ সজাতি দলটোৱে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা আৰু সম্পাদক জিতুমনি নাথৰ লগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনাত মিলিত হয়।উল্লেখ্য যে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটো সফল কৰি তোলাৰ বাবে জিলাখনৰ সকলো সংবাদ মাধ্যমৰ কৰ্মী আৰু সৰ্বসাধাৰণ নাগৰিকৰ সহায়- সহযোগিতা কামনা কৰিছে মৰিগাঁও জিলা প্ৰশাসনৰ লগতে জিলা সাংবাদিক সংস্থাই।

 

Your Comments