পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে সৰৱ হৈ পৰিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ।

হাতত প্লে'-কাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিল কটনিয়ান । তেওঁলোকৰ দাবী, পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে ।

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

কাৰণ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে এতিয়া যান-বাহনৰো ভাৰা বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ।

বিশেষকৈ মহানগৰীত চলাচল কৰা চিটী বাছসমূহেও ভাৰা বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

তাৰ ফলত সর্বসাধাৰণ যাত্ৰীৰ লগতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল সমস্যাত পৰিব ।

তাৰবাবে গাড়ীৰ ভাৰা বৃদ্ধিৰ যি প্ৰস্তাৱ গ্ৰহণ কৰিছে সেই প্ৰস্তাৱৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে দাবী জনায় ।

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

লগতে ছাত্ৰ-ছাত্ৰীসকলে বিষয়টো উচ্চ পৰ্যায়ত দৃষ্টিগোচৰ কৰাবলৈ উপায়ুক্তলৈ এক স্মাৰক-পত্ৰও প্ৰেৰণ কৰে ।

Your Comments