নিউজ ডেস্ক:
আজি ছুপ্ৰিম কৰ্টৰ ২ নং কৰ্টত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ এম আৰ শ্বাহ, ন্যায়াধীশ কৃষ্ণ মূৰাৰী, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ পমিদিঘন্টম শ্ৰী নৰসিমহাৰ আদালতে প্ৰথমে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ দুটা গোচৰৰ শুনানি লোৱাৰ পিছতেই তালিকাৰ ৩ নম্বৰত থকা অসম সন্মিলিত মহাসংঘৰ ৫৬২/২০১২ নং গোচৰৰ শুনানি গ্ৰহণ কৰে । উল্লেখ্য যে; এই গোচৰৰ প্ৰধান গোচৰীয়া মতিউৰ ৰহমান আৰু সহযোগী এন ডি এফ বিৰ প্ৰাক্তন সভাপতি গোবিন্দ বসুমতাৰী ।
গুৰুত্বপূৰ্ণ কথা এই যে,মহাসংঘৰ হৈ অধিবক্তা কমল নয়ন চৌধুৰীয়ে যথানিয়মে মহাসংঘৰ মতিউৰ ৰহমান ৫৬২/২০১২, সদৌ অসম আহোম সভাৰ জ্ঞানানন্দ ফুকন ৮৭৬/২০১৪, অসম আন্দোলনৰ ছহীদ ৰূপক নাথৰ ককায়েক দিপক নাথ ৩১১/২০১৫ আৰু শিক্ষাবিদ প্ৰনৱ কুমাৰ মজুমদাৰৰ ৬৮/২০১৬ৰ গোচৰত কোৰ্টক দিব লগীয়া প্ৰতিটো গোচৰৰ চমু প্ৰতিবেদন আৰু শপতনামা দাখিল কৰা হৈছে বুলি উল্লেখ কৰে । লগতে মহাসংঘৰ গোচৰটো মুখ্য গোচৰ ৰূপে পৰিগণিত কৰাৰ ক্ষেত্ৰত হৈ থকা আদালতৰ ক্ৰটি শুধৰাবলৈকো অনুৰোধ জনায় ।
৫ জনীয়া সাংবিধানিক বিচাৰপীঠে সকলো শুনাৰ পিছত পৰৱৰ্তী শুনানিৰ তাৰিখ ১৩ ডিচেম্বৰ বুলি ঘোষণা কৰাৰ লগতে এই সময়চোৱাৰ ভিতৰত কোনোবা পক্ষই অতিৰিক্ত আন তথ্য দাখিল কৰিব খুজিলে তাৰ বাবে অনুমতি প্ৰদান কৰে ।
- Log in to post comments
- 13 views