নিউজ ডেস্ক:
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে চিত্ৰশিল্পী নীলপৱন বৰুৱা ৷
নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱনতিৰ বিষয়ে জানিবলৈ দি জিএমচিএইছৰ অধীক্ষকে কয় যে মঙলবাৰৰ নিশাৰ পৰা তেওঁক প্ৰদান কৰি থকা হৈছে কৃত্ৰিম শ্বাস প্ৰশ্বাস।
বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ।
উল্লেখ্য যে, যোৱা ২২ ছেপ্টেম্বৰৰ পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে নীলপৱন বৰুৱা।
- Log in to post comments
- 9 views