স্নাতক পৰ্যায়ৰ প্ৰাথমিক শিক্ষক সন্থা, অসম (গ্লীটা)ৰ দাবী চনদ অনুসৰি শিক্ষা, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সমস্যাসমূহ চৰকাৰে আলোচনামৰ্মে ন্যায়সন্মতভাৱে সমাধানৰ বাবে শীঘ্ৰে ব্যৱস্থা ল'বলৈ স্নাতক পৰ্যায়ৰ প্ৰাথমিক শিক্ষক সন্থা, অসম (গ্লীটা)-এ বাৰাম্বাৰ চৰকাৰক দাবী জনাই আহিছে ।
কিন্তু শৈক্ষিক উত্তৰণৰ সময়তো ROP/2017 তথা উচ্চ ন্যয়ালয়ৰ নিৰ্দেশৰ পাছতো চৰকাৰে সন্মিলনীৰ লগত পূৰ্বতে কৰা মাইনুটছখনত ভেজা দিয়াৰ ফলত স্নাতক শিক্ষকসকল বঞ্চিত হৈ আহিছে ।
সন্মিলনীয়ে দাবী কৰা ধৰণে সম-কামৰ বাবে সম-দৰমহা দিয়াৰ কৌশলস্বৰূপে পুনৰ আজি ২৫ ছেপ্টেম্বৰত দিছপুৰত ধৰ্ণা কাৰ্যসূচীৰে প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকসকলৰ ক্ষেত্ৰত পাকে-প্ৰকাৰে গ্ৰেড পে' ৮৭০০ নস্যাৎ কৰাকে ধৰি প্ৰধান শিক্ষক পদ বিধিসন্মতভাৱে সৃষ্টি কৰাত সন্মিলনীয়ে বিধি পথালি দি আহিছে ।
কৰ্মৰত প্ৰধান শিক্ষক পদত থকা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আদি শিক্ষকসকলক ইণ্টাৰমিডিয়েট হাৰত গ্ৰেড পে' দি হ'লেও প্ৰধান শিক্ষক পদ সৃষ্টিৰ বাবে অপকৌশল হিচাপে প্ৰাথমিক শিক্ষা সঞ্চালকৰ পৰা প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰি কেবিনেটত লোৱা সিদ্ধান্ত সলনিৰ বাবে চাপ সৃষ্টিৰ পদক্ষেপ লৈছে ।
এয়া স্নাতক শিক্ষকৰ বাবে অতি দুৰ্ভাগ্যজনক পদক্ষেপ, কিয়নো স্নাতক শিক্ষকৰ গ্ৰেড পে' ৮৭০০ ভৱিষ্যতৰ বাবে বন্ধ হৈ যাব পাৰে । সন্মিলনীয়ে স্নাতক শিক্ষকবিৰোধী পদক্ষেপ গ্ৰহণৰ উদ্দেশ্য অহা ২৫ ছেপ্টেম্বৰত আহ্বান জনোৱা ধৰ্ণা কাৰ্যসূচী বিৰোধিতা কৰি বিদ্যালয়ত পাঠদান কৰিবলৈ শিক্ষকসকলক আহ্বান জনাইছে ।
লগতে স্নাতক শিক্ষকসকলক শ্ৰেণী বৰ্জনৰ দৰে হঠকাৰী পদক্ষেপ লোৱাৰ পাৰিৱৰ্তে কলমেৰে, সাহসেৰে সংগ্ৰাম কৰাৰ বাবে গ্লীটাৰ সভাপতি অচ্যুত চক্ৰৱৰ্তী, উপ-সভাপতিদ্বয় ৰছিদ আহমেদ আৰু যোগেন তালুকাদাৰ, আৰু সম্পাদক কৰিমউদ্দিন আহমেদে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত আহ্বান জনাইছে ৷
- Log in to post comments
- 16 views