বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান

A

 

নিউজ ডেস্ক:
 গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে দেহাৱসান ঘটিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ। উল্লেখ্য যে, যোৱা ১১ অক্টোবৰৰ পৰা শাৰীৰিক অসুস্থতাৰ বাবে জিএমচিএইছত চিকিৎসাধীন হৈ আছিল বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা।
১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত জন্মগ্ৰহণ কৰা বশিষ্ঠ দেৱশৰ্মাই পালাৰপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰি দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া হিচাপে নিৰ্বাচিত হোৱা বশিষ্ঠ দেৱশৰ্মাক ২০১৭ চনত অসম চৰকাৰে শংকৰদেৱ বঁটা প্ৰদান কৰি সন্মানিত কৰিছিল।এইগৰাকী মহান ব্যক্তিৰ বিয়োগে মৰ্মাহত কৰিছে ৰাজ্যবাসীক। 

Your Comments