হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হোজাই জিলা ছাত্ৰ সন্হাৰ বিক্ষোভ কাৰ্যসূচী

A

নিউজ ডেস্ক:

হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত হোজাই জিলা ছাত্ৰ সন্হাৰ বিক্ষোভ কাৰ্য্যসূচী।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু অসম চৰকাৰে সম্পত্তিৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বোজাৰ প্ৰতিবাদত আছুৰ এই বিক্ষোভ কাৰ্য্যসূচী।
প্ৰায় আধা কি.মি পথ পদযাত্ৰা কৰি  চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে আছু কৰ্মী সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ। 
হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি চৰকাৰ উৱাক থু, অসম চৰকাৰৰ হায় হায়, ৰঞ্জিত দাস হায় হায়,অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত মূল্য বৃদ্ধি নিয়ন্ত্রণ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক আদি ধ্বনিৰে উত্তাল কৰে পৰিবেশ। 
লগতে, অসমৰ জনসাধাৰণক সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি যি মাধমাৰ দিছে তাৰ পৰা বিৰত থকাৰ আহ্বান আছু কৰ্মীৰ।
“হিমন্ত বিশ্ব শৰ্মাই দম্ভালী নীতিৰে কোৱা দুৰ্নীতি নিৰ্মূল অসম ,সেইয়া বাস্তৱায়িত হোৱা নাই কাৰণ প্ৰতিদিনেই মুখ্যমন্ত্রী অপৰাধ নিয়ন্ত্রণ শাখাই অসমত ধৰি আছে দুৰ্নীতি পৰায়ণ চৰকাৰী বিষয়া। তাৰ পৰাই প্ৰমাণ হয় যে বিজেপি চৰকাৰৰ দিনতেই দুৰ্নীতিৰ পাহাৰ গঢ়িছে, সেইয়া স্পষ্ট ”বুলি প্ৰতিবাদত নিজ মন্তব্য প্ৰকাশ কৰে হোজাই জিলা আছুৰ সভাপতি দেৱজিৎ ডেকাই।

Your Comments