
নিউজ ডেস্ক:
দুইমাহৰ পূৰ্বে টিক টক বনাই নাছিবাগি থকা মইনা দেৱী নামৰ সপ্তম শ্ৰেণীৰ কিশোৰী জনী আজি শয্যাগত৷দুই মাহমান পূৰ্বে কিশোৰী গৰাকী জ্বৰত আক্ৰান্ত হৈছিল।
দুদিনমান ঘৰুৱা চিকিৎসা কৰাৰ পাছত ভাল নোহোৱাত প্ৰথমে লংকা,তাৰ পাছত হোজাই, নগাঁও ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰে কিন্তু সুস্থ হৈ নুথিল কিশোৰী গৰাকী। চিকিৎসকৰ পৰীক্ষাত জাপানী এনকেফেলাইটীছ ৰোগত আক্ৰান্ত বুলি ধৰা পৰে কিশোৰী গৰাকী।
কিশোৰী গৰাকীৰ এই ৰোগ চিনাক্ত হোৱাৰ পাছতে পিতৃ দ্বিজেন নাথ আৰু পদ্মা দেৱীৰ সৰগ ভাঙি মুৰত পৰা ধৰে হৈ পৰে। কন্যাৰ চিকিৎসা বাবে বহু লোকৰ পৰা ধন ধাৰে লৈ প্ৰায় দুই লাখ টকা চিকিৎসা নামত খৰচ কৰে যদিও সুস্থ নহল মইনা দেৱী। বৰ্তমান ধনৰ অভাৱত বিনাচিকিৎসাৰে ঘৰতে যান্তনা ভুগি আছে মইনা দেৱীয়ে। একমাত্র ঘৰৰ ভেটিটোৰ বাহিৰে একো সম্পত্তি নাই দ্বিজেন নাথৰ। নাছি বাগি, খেল ধেমালি কৰি ভাল পোৱা মইনা দেৱী আজি শয্যাগত। মুখত ইটোৰ পাছত সিতো গীত গোৱা মইনা দেৱী আজি বাকৰুদ্ধ, কাৰণ তাই মুখৰ মাতো হৰি নিলে এই মাৰাত্মক ৰোগে। একমাত্র কন্যাৰ উন্নত চিকিৎসাৰ বাবে ধন সংগ্ৰহ কৰিবলৈ তামিলনাডুলৈ ৰাওনা হয় পিতৃ। মাতৃ পদ্মা দেৱীয়ে কন্যা সন্তানটি বুকুতে বান্ধি লৈ আশাৰে বাট চাই আছে কেতিয়া প্ৰাণচঞ্চলা হৈ উঠিব দুইমাহৰ পূৰ্বৰ ৰাংধালী মইনা দেৱী।এতিয়া পৰিয়াল টোৰ একমাত্র ভৰষা চৰকাৰ আৰু ৰাইজ। মইনা দেৱী মাতৃ আৰু স্থানীয় ৰাইজৰ চৰকাৰলৈ আহবান “আমাক অকন সহায় কৰক। ছোৱালী জনী জীয়াই থাকিব দিয়ক।”কোনো লোকে মইনা দেৱীৰ চিকিৎসাৰ বাবে আৰ্থিক ভাৱে সহায় কৰিব ইচ্ছা প্ৰকাশ কৰিলে মাতৃ পদ্মা দেৱীৰ ৷
- Log in to post comments
- 8 views