
নিউজ ডেস্ক:
খানাপাৰাৰ জনসভাৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।
অহা ৬ মাহৰ ভিতৰত ৰাজ্যত এক লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ কাম সম্পন্ন কৰিব ৰাজ্য চৰকাৰে।আনহাতে এবছৰৰ ভিতৰত ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ২ লাখ যুৱক-যুৱতীক আত্ম সংস্থাপনৰ বাট মোকলাই দিব ৰাজ্য চৰকাৰে।
১০ অক্টোবৰৰ পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে পূৰ্বৰ এহাজাৰ টকাৰ পৰিৱৰ্তে ১২৫০ টকাকৈ লাভ কৰিব হিতাধিকাৰীয়ে।
অহা ৬ মাহৰ ভিতৰত ৰাজ্যত পুনৰ ৫০ লাখ পৰিয়ালক প্ৰদান কৰা হ’ব ৰেচন কাৰ্ড।
অহা বছৰৰ ১ জানুৱাৰীৰ পৰা ৰাজ্যৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে প্ৰত্যেক বছৰে ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনি লাভ কৰিব।
আনহাতে লখিমপুৰ-মাজুলীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ।
অহা এবছৰৰ ভিতৰত আৰম্ভ হ’ব নাৰেংগী-কুৰুৱা দলঙৰো কাম।
জামুগুৰিৰ পৰা কলিয়াবৰলৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি সুৰংগ পথ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ।
সেইদৰে কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেভিটেড ৰোড কৰিড’ৰ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে।
পলাশবাৰী-শুৱলকুছি আৰু গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ দলঙৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে শেষ কৰা হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ।
তদুপৰি অসমৰ প্ৰত্যেকখন উচ্চ মাধ্যমিক বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৩ কোটি টকাৰ অনুদান আগবঢ়োৱা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- Log in to post comments
- 8 views