
নিউজ ডেস্ক:
'তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুৱে চৰকাৰৰ প্ৰতি মনত ঘৃণাৰ ভাৱে সৃষ্টি কৰিছে"- এই মন্তব্য বিধায়ক অখিল গগৈৰ।তেজস্বিতা বৰুৱাৰ মৃত্যুৰ বাবে জগৰীয়া চৰকাৰৰ স্বাস্থ্য বিভাগ।স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘটনাৰ বাবে পদত্যাগ কৰিব লাগে, লগতে অসমবাসীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিব লাগে- দাবী বিধায়ক গগৈৰ।
উল্লেখ্য যে,উপযুক্ত চিকিৎসাৰ অভাৱত হেৰাই গ’ল এটা প্ৰতিভা।কেৱল মাজুলী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক গৰাকীক নিলম্বন কৰিলেই নহব।ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনায় শিৱসাগৰৰ বিধায়ক গৰাকীয়ে।
আনহাতে মাজুলীত উন্নত আন্তঃগাঁথনিৰে চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণৰো দাবী জনায় তেওঁ।
- Log in to post comments
- 4 views