
নিউজ ডেস্ক:
মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্যবাসী।
বুধবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰা তেজস্বিতা বৰুৱাক গড়মূৰৰ জিলা চিকিৎসালয়লৈ নিয়ে যদিও অকাল মৃত্যুক সাৱতি ল’লে তেজস্বিতাই।
আনহাতে ,তেজস্বিতাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ উথ্থাপিত হয় মাজুলীৰ স্বাস্থ্যখণ্ডলৈ।ৰাইজৰ অভিযোগ অনুসৰি চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ কমলাবাৰী দৰিয়া গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই।
উল্লেখ্য যে, তেজস্বিতা বৰুৱাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।জিলা অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ কৰা হৈছে তদন্ত।
- Log in to post comments
- 7 views