অমৃত শ্বাহৰ উপস্থিতত খানাপাৰাত হ'ব লগা বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী বাতিল

A

নিউজ ডেস্ক:
"কংগ্রেছক শূণ্য কৰা সপোন দেখা বিজেপিয়ে নিজেই কেতিয়া শূণ্য হ'ব গমেই নাপাব।বিজেপিৰ মহা যোগদান বাতিল তাৰ মানে যোগদান কৰিব লগা মানুহ নাই"- এই মন্তব্য বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ।অমৃত শ্বাহৰ উপস্থিতিত ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰিবলৈ সাজু হোৱা বিশাল যোগদান কাৰ্যসূচী স্থগিত ৰাখিবলৈ বাধ্য হোৱাৰ কথা প্ৰকাশ পাইছে।
উল্লেখ্য যে উজনিৰ শক্তিশালী কংগ্ৰেছী পৰিয়াল প্ৰৱণ সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগ দিব বুলি ওলোৱা খবৰৰ পিছতেই বিজেপিৰ ভিতৰত সৃষ্টি হৈছিল ব্যাপক খেলি মেলি।উজনি অসমৰ বিজেপিৰ একাংশ বিধায়কে বিষয়টোৰ মুকলিকৈ বিৰোধ কৰিছিল ।বিধায়কৰ বিৰোধিতাৰ পিছতেই ৰাজ্যিক বিজেপিয়ে বাতিল কৰিছে যোগদানৰ কাৰ্যসূচী।

আনহাতে কাৰ্যসূচী বাতিলৰ পিছতেই কংগ্রেছ দলৰ বিধায়ক নুৰুল হুদাই কয়- বিজেপিয়ে মাজে মাজে কংগ্ৰেছৰ নেতা যোগ দিব বুলি প্ৰচাৰ চলাই থাকে ৷ পিছে যোগ নিদিয়ে।প্ৰধানমন্ত্ৰী উজনিলৈ আহোতেও আমাৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে যোগ দিব বুলি প্ৰচাৰ কৰিছিল, কিন্তু কোনো নগল।

উল্লেখ্য যে, অহা ৮অক্টোবৰত খানাপাৰাত অনুষ্ঠিত হোৱাৰ কথা আছিল বিজেপিৰ বৃহৎ যোগদান।

Your Comments