দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বঁটা ঘোষণা

A

নিউজ ডেস্ক:

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা-2022 ঘোষণা।বিভিন্ন ক্ষেত্ৰৰ ৭গৰাকীকৈ ব্যক্তিক এইবাৰ সংগঠনটোৱে আগবঢ়াব বঁটা।
অহা ৯ ডিচেম্বৰৰ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰিব এই বঁটা।বঁটাত আছে নগদ ১০হাজাৰ টকা, সঁফুৰা, চেলেং, মানপত্ৰ, জাপি, গামোচা, স্মাৰক।

সংগঠনটোৱে এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙ, জ্যেষ্ঠ সাংবাদিক নিতুমনি শইকীয়া, কামৰূপ(ম)ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাঁ, লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱন, ক্ৰিয়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ আৰু ৱেব পৰ্টেল THE Cross current ক ৷

Your Comments