PFIৰ চিন্তাধাৰা মৌলবাদী- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নটৰাজ

নিউজ ডেস্ক:

"বিটিচি নিৰ্বাচনত কংগ্রেছ-AIUDFয়ে প্ৰাৰ্থী হিচাপে PFI সদস্যক থিয় কৰাইছিল।PFI ৰ চিন্তাধাৰা মৌলবাদী, অসমৰ NRC উন্নীতকৰণ বিপথে পৰিচালিত কৰাৰ বাবে চেষ্টা চলাইছিল।PFIক সমৰ্থন কৰা ৰাজনৈতিক দল- সামাজিক সংগঠন বহুত আছে"- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

PFIক নিষিদ্ধ কৰা কেন্দ্ৰীয় চৰকাৰক আদৰণি মন্ত্ৰী বৰুৱাৰ।PFIলৈ ইছলামিক মৌলবাদী সংগঠনৰ পৰা পুঁজি আহে।অসম আৰু উত্তৰ-পূর্বক ইছলামিক ৰাষ্ট্ৰ বনুৱাৰ বাবে চেষ্টা কৰি আছিল বুলিও তেওঁ লগতে কয়।

উল্লেখ্য যে শেহতীয়া ভাৱে সমগ্ৰ দেশত PFI সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছতেই মঙলবাৰে নিষিদ্ধ কৰা হয় সংগঠনটোক।দেশ বিৰোধী বে-আইনী কাৰ্যকলাপ কৰাৰ গুৰুতৰ অভিযোগত ৫বছৰৰ বাবে নিষিদ্ধ কৰিছে গৃহমন্ত্ৰনালয়ে।

Your Comments