
নিউজ ডেস্ক:
এক লাখ নিযুক্তিৰ অংশৰূপে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ বিপৰীতে নিযুক্তি পত্ৰ বিতৰণ কৰে৷নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীৰ পৰিয়ালে যদি বৰ্তমান পৰ্যন্ত অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে তেনে পৰিয়ালক অৰুণোদয় আঁচনিৰ ধন নালাগে বুলি লিখি দিবলৈ মুখ্যমন্ত্ৰী শৰ্মাই আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছিল৷গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কোনো প্ৰাচীৰ তথা প্ৰত্যাহ্বানে অসম চৰকাৰৰ এক নিযুক্তিত বাধা দিব নোৱাৰে আৰু সন্মুখত হিমালয় আহি থিয় দিলেও এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি অসম চৰকাৰে পূৰণ কৰিব বুলি সদম্ভে ঘোষণা কৰিছিল।
মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ গৈ নিযুক্তি দিছে ভাল কথা।কিন্তু নিযুক্তি লাভ কৰা একাংশ কৰ্মচাৰী মাহিলী দৰমহা সন্দৰ্ভত শেহতীয়াকৈ চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হোৱাত সকলোৰে চকু কপালত তুলিছে।সামান্য কেইটামান টকাৰে এইসকল কৰ্মচাৰীয়ে কিদৰে পৰিয়াল চলাব সেইক্ষেত্ৰতো প্ৰশ্নৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে শেহতীয়াকৈ নিযুক্তি পোৱা ১,৫৩৯গৰাকী কৰ্মচাৰীয়ে মাহে মাত্ৰ ৮ হাজাৰ টকাহে লাভ কৰিব।একাংশ কৰ্মচাৰীয়ে দৰমহা নহয়, নিৰ্ধাৰিত মজুৰি(ফিক্স পে)হে লাভ কৰিব।স্বীকৃতিপ্ৰাপ্ত উচ্চ প্ৰাথমিক বিদ্যালয়ত নতুনকৈ পদ প্ৰাদেশীকৰণ কৰি নিযুক্তি দিয়া ১,৫৩৯ জনকৈ চতুৰ্থ-বৰ্গৰ পদৰ চকীদাৰে লাভ কৰিব মাহিলী মাত্ৰ ৮ হাজাৰ টকা।
- Log in to post comments
- 13 views