সম্পত্তিৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ গণ স্বাক্ষৰ সংগ্ৰহ অভিযান

A

নিউজ ডেস্ক:

পৌৰ নিগমৰ দ্বাৰা উপৰ্যুপৰি কৰ আৰোপ কৰা আৰু সম্পত্তি কৰ বৃদ্ধিৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন আৰম্ভ কৰিছে অসম তৃণমূল কংগ্ৰেছে।আজি সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত মহানগৰীৰ গণেশগুৰিৰ পাঁচলি বজাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গণ স্বাক্ষৰ সংগ্ৰহৰ অভিযানৰ আৰম্ভণি কৰা হয়।সভাপতি বৰাই ব্যৱসায়ী তথা বজাৰলৈ অহা গ্ৰাহকক সাক্ষাৎ কৰি উপৰ্যুপৰি কৰ বৃদ্ধিৰে ইতিমধ্যে মূল্যবৃদ্ধিত বিপৰ্যস্ত জনতাক গেলাতে টেঙা দি ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে জনতাক মাধমাৰ শোধোৱাৰ জনবিৰোধী নীতিৰ বিষয়ে সজাগ কৰাৰ চেষ্টা কৰে। সাংবাদিকৰে বাৰ্তালাপত সভাপতি বৰাই চৰকাৰখনৰ ভুল উদঙাই দি জনতাৰ হকে কণ্ঠ জাগ্ৰত কৰাৰ ক্ষেত্ৰত অসম তৃণমূল কংগ্ৰেছ দলে প্ৰতি মুহূৰ্ততে সজাগ হৈ থাকিব বুলি মন্তব্য কৰে। আনহাতে ভূ-গৰ্ভস্থ পানীৰ ক্ষেত্ৰত কৰ আৰোপৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত বৰাই চৰকাৰ যন্ত্ৰৰ সমালোচনাত মুখৰ হৈ পৰে।

আনহাতে সম্পত্তি কৰ সংগ্ৰহৰ বাবে পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীৰ গুৰুত্বক নস্যাৎ কৰি কেৱল কমিছন লাভৰ স্বাৰ্থতে হিমন্ত বিশ্ব শৰ্মাই বহিৰাগত এজেন্সীক দায়িত্ব দিবলৈ ওলোৱা অভিযোগ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
 
অসম তৃণমূল যুৱ কংগ্ৰেছ আৰু অসম তৃণমূল মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ সহযোগিতাৰে সম্পন্ন গণ স্বাক্ষৰ সংগ্ৰহৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত শতাধিক স্বাক্ষৰ সংগ্ৰহ হয়।সম্পত্তি কৰ প্ৰত্যাহাৰৰ দাবীৰে জনতাৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ পৰৱৰ্তী সময়ত অসমৰ মুখ্য সচিবৰ হাতত অৰ্পণ কৰা হ'ব বুলি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই জানিবলৈ দিয়ে।

Your Comments