আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন

'কৃষ্ণচূড়া'ৰ দেশত আজি ২৯গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে আৰম্ভ হৈছে ভোট যুদ্ধ ।

হয়, কৃষ্ণচূড়াৰ দেশ মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথাকে কোৱা হৈছে ৷ য'ত আজি অনুষ্ঠিত হৈছে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ।

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন

প্ৰতি বছৰৰ দৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দীর্ঘদিনীয়া প্ৰচাৰৰ অন্তত আজি অনুষ্ঠিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ২৯গৰাকীকৈ প্ৰাৰ্থীয়ে ।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । বেলট যুদ্ধত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী-সমৰ্থকৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে উৎসাহ ।

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন

১৫টাকৈ বিভাগৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত সভাপতি পদত দুগৰাকী প্ৰাৰ্থী, উপ-সভাপতি পদত দুগৰাকী প্ৰাৰ্থী, সম্পাদক পদত তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

বিয়লি তিনি বজাত অন্ত পৰিবলগা ভোটগ্ৰহণৰ ফলাফল ঘোষণা কৰা হ'ব মঙলবাৰে ।

Your Comments