আজিৰে পৰা বিধানসভাৰ শৰৎকালীন অধিবেশন

আজিৰে পৰা বিধানসভাৰ শৰৎকালীন অধিবেশন

আজিৰে পৰা ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন ।

এইবাৰৰ অধিবেশনত উত্থাপিত হ'ব ৫টা বিভাগৰ ৭খন গুৰুত্বপূৰ্ণ বিধেয়ক ।

ইয়াৰ উপৰি এই অধিবেশনত মূল্যবৃদ্ধি, এন আৰ চি, ৰাজ্যৰ বান সমস্যা, নদীবান্ধ, এ পি এছ চি কেলেংকাৰী, নিবনুৱা সমস্যা আৰু শেহতীয়াভাৱে ৰাজ্যত দেখা দিয়া জেহাদী সমস্যা আদি বিষয়সমূহক লৈ বিৰাধীয়ে বিধানসভা উত্তপ্ত কৰাৰ সম্ভাৱনা আছে ।

ইফালে আজি প্ৰথমদিনাই হোজাই সমষ্টিৰ শাসকীয় দলৰ বিধায়ক শিলাদিত্য দেৱ আহিল এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই হাতত প্লে'-কাৰ্ড লৈ ।

আনহাতে, আজি প্ৰথম দিনটোত আলোচনা হ'ব দৌৰ ৰাণী হিমা দাসৰ বিষয়ে ৷ বিত্ত বিভাগৰ তিনিখন গুৰুত্বপূৰ্ণ বিধেয়কো উত্থাপন হ'ব আজি ।

উল্লেখ্য যে এইবাৰ অধিবেশনৰ সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে লণ্ডন ভ্ৰমণলৈ যোৱাটো হ'ব লক্ষণীয় বিষয় ।

Your Comments