২৬ ছেপ্টেম্বৰত গুৱাহাটীত আইন সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰ

২৬ ছেপ্টেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক আৰু ন্যায়িক মান সম্পৰ্কীয় ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ

অহা ২৬ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী অসমে টাৰ্নিটিন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত "শৈক্ষিক একত্ৰীকৰণ আৰু প্লেগিয়াৰিজিম" শীর্ষক এক আলোচনা-চক্ৰ আয়োজন কৰিছে ।

দিনৰ ১০ বজাৰ পৰা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া আলোচনা-চক্ৰখনৰ মূল উদ্দেশ্য হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক তথা ন্যায়িক মানদণ্ড অক্ষুণ্ণ ৰখা ।

উক্ত আলোচনা-চক্ৰখনত উপস্থিত থাকিব বহুসংখ্যক গণ্য-মান্য ব্যক্তি । উপস্থিত থাকিব অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব, ভাৰতীয় প্ৰশাসনিক বিষয়া মনিন্দৰ সিং ।

এণ্টি প্লেগিয়াৰিজিমৰ কৌশল আৰু ব্যৱহাৰ সম্পৰ্কীয় এই আলোচনা-চক্ৰখনত উপস্থিত থাকিব ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জয়প্ৰকাশ ৰেড্ডী পাটিল ।

ইয়াৰ উপৰি আই আই টি, গুৱাহাটীৰ সঞ্চালক পেফছ'ৰ গৌতম বৰুৱা, তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিষয়া ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক সঞ্জয় কুমাৰ সিং আদি সমল ব্যক্তিসকল উপস্থিত থাকিব ।

Your Comments