
নিউজ ডেস্ক:
অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ প্ৰাৰ্থী হ’ব বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংছি।অনুৰাগী তথা সাহিত্য প্ৰেমী ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ'ব বুলি নিজেই ঘোষণা কৰিছে সাহিত্যিক গৰাকীয়ে।
সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে আনুষ্ঠানিক ভাৱে শতবৰ্ষ অতিক্ৰম কৰা অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ প্ৰাৰ্থী হবলৈ আগ্ৰহী বুলি উল্লেখ্য কৰি তেওঁ কয়-"অসমৰ সাহিত্য প্ৰেমী ৰাইজৰ দাবীৰ আগত শিৰোনত কৰি মই অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হবলৈ মনস্থ কৰিছোঁ।অসম সাহিত্য সভা, জিলা সাহিত্য সভা তথা শাখা সাহিত্য সভাসমূহৰ লগতে অসমবাসী ৰাইজৰ সঁহাৰি আশা কৰিছোঁ"।
গুৰুত্বপূৰ্ণ কথা যে ২০২৩ বর্ষৰ জানুৱাৰীৰ শেষৰ ফালে লখিমপুৰৰ নাৰায়ণপুৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ অধিৱেশন।তাতে অনুষ্ঠিত হ’ব পৰৱৰ্তী সভাপতি নিৰ্বাচন।বর্তমান সমিতিৰ কাৰ্যকাল উক্ত অধিৱেশনতে সামৰণি পৰিব।
- Log in to post comments
- 10 views