
নিউজ ডেস্ক:
গুৱাহাটীৰ পল্টনবজাৰৰ হোটেলত উদ্ধাৰ নিষিদ্ধ ভাং।পল্টনবজাৰৰ সুমিয়া হোটেলত উদ্ধাৰ ৩৬কেজি ভাং।আৰক্ষীয়ে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত হোটেলৰ ২০৪ আৰু ২০৬ নম্বৰ কোঠাৰ পৰা জব্দ কৰে ভাং খিনি।নিশা আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত ৫ সৰবৰাহকাৰীও আৰক্ষী জালত পৰে।এগৰাকী মহিলাসহ আৰক্ষীৰ জালত পৰে ৪গৰাকী পুৰুষ।আৰক্ষীৰ জালত পৰা অভিযুক্ত ধৃত ছফিকুল বাছা, চাহিদা খাতুন, মুনিৰ হুছেইন, আনুৱাৰ হুছেইন আৰু ৰাকেশ দেৱ নাথ।আৰক্ষীয়ে সন্দেহ কৰা মতে ভাংখিনি সৰবৰাহ কৰিবলৈ গুৱাহাটীলৈ অনা হৈছিল।
- Log in to post comments
- 6 views