
নিউজ ডেস্ক:
অসম বিধানসভাৰ নিৰ্দেশ মৰ্মে দিছপুৰৰ পুৰণি বিধায়ক আবাস আজি ত্যাগ কৰিলে একাংশ বিধায়কে।দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে খালী কৰিলে বিধায়ক আবাস।উল্লেখ্য যে বিধানসভা অধ্যক্ষ দ্বিতীয়খন জাননী মৰ্মে পুৰণি বিধায়ক আৱাস খালী কৰাৰ আজি অন্তিম দিন। আজিৰে পৰা আবাসৰ বিদ্যুৎ সংযোগ কৰ্তনৰ লগতে পানীযোগানো বিচ্ছিন হ’ব বুলি কিছুদিন পূৰ্বে জাননীৰ জৰিয়তে প্রকাশ কৰিছিল।তাৎপৰ্যপূৰ্ণ কথা এই যে পুৰণি আবাসসমূহ ভাঙি নতুন আবাস নিৰ্মাণৰ বাবে খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।পূৰ্বতে ২০জুলাই শেষ সময়সীমা জাৰি কৰিছিল যদিও বিধায়কে উপযুক্ত আৱাস নোপোৱাত অধিকাংশই খালী কৰা নাছিল আবাস।যোৱা ২৪জুলাইত অধ্যক্ষই আবাস খালী কৰিবলৈ দ্বিতীয়খন জাননী জাৰি কৰিছিল।সেই জাননী মতে আজি একাংশই খালী কৰিছে যদিও অধিকাংশ বিধায়কে খালী কৰা নাই আবাস।
- Log in to post comments
- 9 views