গুৱাহাটী মহানগৰীত আজিৰে পৰা বৃদ্ধি পালে গাখীৰৰ মূল্য

A

নিউজ ডেস্ক:

আজিৰে পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পালে গাখীৰৰ মূল্য।গুৱাহাটীৰ বজাৰত প্ৰতিলিটাৰ গাখীৰৰ পাইকাৰী মূল্য ৫৭.৪০টকা আৰু খুচুৰা মূল্য ৬০টকালৈ বৃদ্ধি হ’ল ।এই কথা সদৰী কৰিছে বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাই।সন্থাৰ সভাপতি পদম বাচনেটে কয় যে,পশু খাদ্যৰ দাম বৃদ্ধি হোৱাৰ বাবে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই ৪টকাকৈ প্ৰতিলিটাৰ গাখীৰৰ মূল্য বৃদ্ধি কৰিছে।তেওঁলোকৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাই বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাই ৪টকাকৈ গাখীৰৰ মূল্য আজিৰ পৰা বৃদ্ধি কৰিছে।আজিৰে পৰা গৰুখুঁটিৰ গাখীৰ  ব্যৱসায়ীসকলে প্ৰতিলিটাৰ গাখীৰত ৫৪টকাকৈ সংগ্ৰহ কৰিছে।পূৰ্বতে গৰুখুঁটিৰ মূল্য আছিল প্ৰতি লিটাৰত  ৫০টকা।তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ী সকলে ৪ টকাকৈ প্ৰতিলিটাৰ গাখীৰৰ দাম বৃদ্ধি কৰিছে।পূৰ্বে প্ৰতিলিটাৰ গাখীৰৰ মূল্য পাইকাৰী বজাৰ আছিল ৫৩.৪০টকা, এতিয়া তাৰ মূল্য হল গৈ ৫৭.৪০ আৰু প্ৰতিলিটাৰ গাখীৰত খুচুৰা মূল্য  ৫৬টকাৰ পৰা ৬০ টকা।

Your Comments