সুস্থ হৈ উঠিছে মইনা নায়ক, GMCHৰ আই চি ইউত খোজ কাঢ়িছে কলঘৰৰ মেচিনত সোমোৱা মইনাই

A

নিউজ ডেস্ক:

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা মইনা নায়ক ক্ৰমাৎ সুস্থ হৈছে।চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা মইনা নায়কে আজি খোজ কাঢ়িছে।ডিব্ৰুগড় লেপেটকটাৰ কলঘৰত কাম কৰি থকা অৱস্থাত চি টি চি মেচিনত সোমাই গুৰুতৰভাৱে আহত হৈছিল মইনা।দুৰ্ঘটনাটো ইমানে ভয়ংকৰ যে মইনাৰ মূৰৰ ওপৰৰ অংশ বেয়াকৈ থেতেলা খাইছিল।পৰৱৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ অনা হয় মইনাক।বৰ্তমান জিএমচিএইচৰ আই চি ইউত ভৰ্তি হৈ আছে দুৰ্ভগীয়া মইনাই।

Your Comments